পৃষ্ঠা:Kirtan Ghosha.pdf/৫৭৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


উৰে-বন দীর্ঘ দশ যােজন পথালি পাঞ্চ সীমা। কি কহিবাে সিটো মহা ক্ষেত্ৰৰ মহিমা। পৰম আচৰ্য্যময় মনােহ থান। ইন্দ্রদ্যুম্ন নৃপতি দেখিলা বিদ্যমান ॥ ২৩ দুনাই মুনিগণে পাছে পুছিলা ব্ৰহ্মাত। পূর্বত প্রতিমা কিয় নাছিল তথাত । কৰিয়াে সংশয় ছেদ প্রভু প্রজাপতি। বােলা হৰি হৰি পাপ যাউক অধােগতি ॥ ২৪ তৃতীয় কীর্তন ঘােষা ৰাম ৰাম ৰােলা গৱে। যমে নতু ধৰে যাৱে ॥ ৩ পদ, ব্রহ্মায়ে বােল শুনিয়াে কথা। যি কাৰ্যে প্রতিমা নাছিল তথা ॥ পূৰ্ব্বত মেৰুৰ শিখৰে হৰি। বসিয়া আছ আনন্দ কৰি । ২৫ প্রণামি জানু-শিৰে লক্ষী মাৱে। কৰিলন্ত প্রশ্ন স্বামীৰ পাৰে। কোন কৰ্ম্ম-ভূমি মনুষ্য লােকে। সদায়ে আক নেৰে দুঃখে-শােকে। ২৬