পৃষ্ঠা:Kirtan Ghosha.pdf/৫৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬২
[খণ্ড ২৫
কীর্ত্তন-ঘােষা

পাইলন্ত দক্ষিণ সাগৰৰ গৈয়া তীৰ।
ঢউগণ নাচে যেন অগাধ গম্ভীৰ।৷
হৰিৰ শয়ন-স্থান নন্দনাদিপতি।
যাক দৰশনে পায় পৰম মুকুতি॥ ১৮
আছে ভয়ঙ্কৰ মৎস্য কচ্ছপ বহুল।
কুম্ভীৰ মগৰ মৎস্যে কৰে হুলস্থুল।৷
সৰ্ব্ব পাপ হৰে ৰম্যকৰ তীৰ্থৰাজ।
দেখিয়া বোলন্ত ৰাজা ঐত মোৰ কাজ॥ ১৯
কৰিলা নিৱাস পায়া মনোহৰ স্থানে।
দেখিবা তহিত পৃথিৱীৰ গুণমানে॥
বহুবিধ বৃক্ষ ফলে-ফুলে সুশোভিত।
নানাবিধ পক্ষী ৰাৱ তেজে সুললিত॥ ২০
বিচিত্ৰ বিবিধ মৃগগণ চৰে তাতে।
অনেক দন্তাল আছে নন্দন-বনতে॥
চাৰু সৰোবক পঙ্কজে আছে ৰঞ্জি।
ৰাজহংসে ভুঞ্জে তাত মৃণাল উভঞ্জি॥ ২১
পৰ্ব্বত যতেক আছে দেখি মনোহৰ।
উচ্চ শিখৰৰপৰা বহুৱে নিৰ্ঝৰ।৷
তেজে নাদ কোকিলে ময়ূৰে কাঢ়ে ৰাৱ।
বৃক্ষে পথুকক যেন দেয় হাত-বাৱ।৷ ২২