পৃষ্ঠা:Kirtan Ghosha.pdf/৫৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২]
৫৬১
উৰেষা বৰ্ণন

কৰ্ণে তাল হানে শুনি ঘণ্টাৰ আস্ফাল।
প্ৰজাৰ গিৰত যেন যায় ভূমি-চাল॥ ১৩
অন্তেষপুৰত যত নাৰীগণ মানে।
ৰাজাৰ লগত যায় বহুবিধ যানে।৷
দিব্য বস্ত্ৰ ভূষণে ভূষিত কৰি তনু।
বেঢ়ি বীৰগণ যায় কৰে ধৰি ধনু॥ ১৪
বাজে বাদ্য বিবিধ টবল টমকিল।
যতেক বৃত্তিয়া মানে লগতে লড়িল॥
তেলী মালী শিলাকুটি বণিয়া সূতাৰ।
চৰ্ম্মকাৰ চড়াল কমাৰ কুম্ভকাৰ॥ ১৫
চিত্ৰকাৰ কংসাৰ কুন্দাৰ বৈদ্য যত।
অনেক কায়স্থ যায় ৰাজাৰ লগত॥
নট ভাট নৰ্ত্তকী গায়ন অপৰ্য্যন্ত।
বিপ্ৰগণ নৃপতিৰ আগত চলন্ত॥ ১৬
পৃথিৱীত যতেক বৃত্তিয়াগণ আছে।
চৌত্ৰিশ জাতিয়ে যায় নৃপতিৰ পাছে।৷
পিতৃ আগ কৰি যেন চলে পুত্ৰচয়।
এহিমতে গৈল ইন্দ্ৰদ্যুম্ন মহাশয়!৷ ১৭


পা° ১৫।৷ টবল—ডৰল। টমকিল—চমকিল। চড়াল—চমাৰ।

৩৬