পৃষ্ঠা:Kirtan Ghosha.pdf/৫৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬০
[খণ্ড ২৫
কীৰ্ত্তন-ঘােষা

 পদ্ম-পত্ৰ-সম চাৰু লোচন আয়ত।
 গলে বনমালা শোভে কৌস্তুভ কণ্ঠত।৷ ৯
 শিৰত কিৰীটি কৰে কঙ্কন কেয়ুৰ।
 মকৰ কুণ্ডল জ্বলে পাৰত নূপুৰ।৷
 শ্যামল শৰীৰে পীত বস্ত্ৰে কৰে কান্তি।
 হিয়াত প্ৰকাশে আতি শ্ৰীবৎসৰ পান্তি।৷ ১০
 হেন মাধৱক আৱে আৰাধো কিমতে।
 এহি বুলি বাঝ ভৈলা নগৰৰ হন্তে।৷
 ভণিল শঙ্কৰে কৃষ্ণ-চৰণত ধৰি।
 সমজ্যাৰ সৰ্ব্ব জনে বোলা হৰি হৰি॥১১


দ্বিতীয় কীৰ্ত্তন

ঘোষা।৷ ত্ৰাহি জগন্নাথ আমি অজ্ঞানী অনাথ॥ ২

পদ॥ ৰাজা যান্ত যত মন্ত্ৰী পাত্ৰ পুৰোহিত।
 চতুৰঙ্গ দলে লাগ লৈলেক ত্বৰিত।৷
 অসংখ্যাত ৰথ যুথে যুথে যায় চলি।
 বাৰু খাণ্ডা ধৰি ধাৱে যত মহাবলী।৷ ১২
 সীমা-সংখ্যা নাহি লগে লড়ে যত ঘোড়া।
 প্ৰমত্ত হস্তীৰ কোনে কহিবেক ওৰা॥