পৃষ্ঠা:Kirtan Ghosha.pdf/৫৬৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্ত্তন ঘােষ [ খণ্ড যদি তােমাক প্ৰভু কৰে অহঙ্কাৰ । সিটো পাতকৰ প্ৰভু নেদেখাে নিস্তাৰ। শত কোটি কল্প মানে নৰকত পচে। কদাচিত সিটো মহাপাতক মুগুচে। ৭১ কি কৰি পৱিত্ৰ মঞি হৈবাে নাৰায়ণ। সেই উপদেশ দিয়া পাতক-নাশন ॥ যদি হেন তােমাক আগমে কৰােছন। তেৰে মােৰ হৈবেক পাতক আমােচন | ৭২ মাধৱে বােলন্ত শুনা শঙ্কৰ সম্প্রতি। মােৰ নাম লৈলে পাপ যাইবে অধােগতি । সইস্রেক নামে মােৰ পাতক তৰিবা। সৱাতত অধিক তুমি মােৰ প্ৰিয় হৈবার ৭৩ কৰে মােৰ নামে তিনি লােকক পৰিত্ৰ। মুকুতি পদকো দেয় আত কোন চিত্র। মােৰ নাম লৈলে মােৰ চৰণক পাৰে। পৰম ঐশ্বৰ্য্য দেওঁ যাক যি ভাৱে ॥ ৭৪ জানিবা শঙ্কৰ মােৰ বাক্য নুহি মিছা। মােৰ নাম লৈলে পাইবা মনে যেন ইচ্ছা। সহস্রেক নাম পাছে আমাৰ আগত। কহিলা সকলে হৰি কৰিয়া ৰেকত ॥৭৫ .