পৃষ্ঠা:Kirtan Ghosha.pdf/৫৬৬

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীর্তন ৬] সহনা-বৃত্তান্ত দণ্ডতে প্রণামিলল কৃষ্ণৰ চৰণ। পাছে নাৰায়ণে মােক বুলিলা বচন। মােতা কৰি তােমাৰ অধিকে হৈবে মান। যেনমতে হৈব তাৰ কহিবাে কাৰণ ॥ ৬৬ তােমাক পুজিবাে মঞি পৃথিৱীক গৈয়া। তবু যশ বঢ়াইবােতােমাতে বৰ লৈয়া ॥ দ্বাপৰ যুগত আদি ত্রেতাৰ অন্তত। অৱতাৰ হৈবােহহ আপুনি জগতত। ৬৭ আমাৰ বচনে তুমি হেন কৰিয়ােক। শাস্ত্ৰ কৰি মনুষ্যৰ লােভ বঢ়ায়ােক। আগমত দেখায়ােক সংসাৰৰ সুখ । তাক দেখি হােৱে যেন আমাত বিমুখ। ৬৮ আমাৰ ভকতি-পন্থ সৱে হােক ছন। আন দেৱ পূজাক সৱাৰে হােক মন । আগম দেখায়া কৰা আমাক গুপুত। তেৱেসে প্রজাৰ সৃষ্টি হৈবেক বহুত। ৬৯ মাধৱৰ বাক্য হেন শুনিলােহাে আমি। পাছে ভয় হুয়া হেন বুলিলাে প্রণামি। সহস্রেক ব্ৰহ্মধ যদি কৰে নৰে। তােমাৰ সেৱায়ে তাকে তাৰিবাক পাৰে। ৭০