পৃষ্ঠা:Kirtan Ghosha.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২
৪৫
ধ্যন-দৰ্শন

এতেকে হৈবেক পৰম সিদ্ধি।
হৰিসি জানা জগতৰ নিধি॥
হেলায়ে সংসাৰ তৰিবা পুনু।
নকৰা বিফল মনুষ্য-তনু॥ ২৭
দৃঢ় কৰি ধৰা হৰিৰ পাৰ।
পাপ-সাগৰত এহিসে নাৱ॥
কৃষ্ণৰ কিঙ্কৰ শঙ্কৰে ভণে।
হৰি হৰি বোলা সমস্ত জনে॥ ২৮

ধ্যান-বৰ্ণন সমাপ্ত॥৪॥