পৃষ্ঠা:Kirtan Ghosha.pdf/৫৩৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


২ কীর্তন-ঘােষ [9070 প্রার্থকক ননদিলাহা প্রতিশ্রুত দান। নকৰিলা প্রাণীক ভয়ত পৰিত্ৰাণ ॥ ১৫৪ অতিথিক নেদি কিবা কৰিলা ভােজন। সিজিল পাতক কিবা অগম্যা-গমন। অধমে জিনিলে কিবা আসন্তে পথত। কিস মিলিল বাপ দুঃখ হেনমত । ১৫৫ কহিয়ােক বাপু এৱে দুঃখৰ কাৰণ। বুলিবে খােজন্তে নােহল্লায় মুখত বচন ॥ চক্ষুক মলচি পাছে শােকক তাই। কাঢ়িল নিশ্বাস বীৰে নৃপতিক চাই। ১৫৬ সৌহৃত সখিত্ব সুমৰিয়া মাধৱৰ । বােলন্ত অৰ্জ্জুনে ৰাজা শুনা আর্থান্তৰ । ভণিল শঙ্কৰে কৃষ্ণ-চৰণত পড়ি। পাতক ছাড়ােক ডাকি বােল হৰি হৰি। ১৫৭ চতুর্দশ কীর্তন ঘােষা। গােপাল হৰি কৰে প্রণাম। নেছোক খুধে ৰামকৃষ্ণ-নাম। ১৪ পদ । কিবা সােধা ৰাজা মােৰ অৱস্থা। সর্বনাশ ভৈলাে কি কৈবে কথা