পৃষ্ঠা:Kirtan Ghosha.pdf/৫৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১০]
৫১৩
শ্রীকৃষ্ণৰ বৈকুণ্ঠ-প্ৰয়াণ

চৰণত নিঢালে পড়িলা অধোমুখে।
সমিধান নেদন্ত মনত মহা দুখে॥১৪৯
আকুল-হৃদয় ভৈল দেখি যুধিষ্ঠিৰ।
ভ্ৰাতৃত পুছন্ত পাছে কৰি চিত্ত স্থিৰ॥
বান্ধৱৰ বাৰ্তাক অৰ্জ্জুন মোত কহ।
কুশলে কি আছে সিটো সুৰ মাতামহ॥১৫০
মম বাসুদেৱ কিবা আছন্ত কল্যাণে।
ভালে কি আছয় তান পত্নীগণ মানে॥
সাম্ব কাম অনিৰুব্ধ ভালে কি আছন্ত।
সময়ত তেসম্বো কি মোক সুমৰন্ত॥১৫১
গোৱিন্দৰ বাৰ্ত্তা বাপ কহিয়ো আমাত।
সুখে কি আছন্ত কৃষ্ণদেৱ দ্বাৰকাত॥
যদু-বীৰগণ যাৰ বাহুক আশ্ৰয়।
পৰম নিৰ্ভয়ে ভ্ৰমে আনন্দ সদায়॥১৫২
সত্যভামা সতী যাৰ চৰণ-সেৱাত।
দ্বাৰতে ৰোৱাইলে শচীৰ পাৰিজাত॥
হেন প্ৰাণ-কৃষ্ণৰ সত্বৰে কই কথা।
কিয় হেন ভৈল বাপ তোমাৰ অৱস্থা॥১৫৩
চিৰকাল প্ৰৱাসত কিবা পাইলি দুখ।
তনু তোৰ নিস্তেজ মলিন দেখো মুখ॥