পৃষ্ঠা:Kirtan Ghosha.pdf/৫৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২০
খণ্ড ২৩
কীৰ্ত্তন-ঘোষা

 গৃহতে থাকিয়া সুখে মহা পুণ্য সাঞ্চা।
 বোলা হৰি হৰি যম-যাতনাক বঞ্চা॥১৪৫

[অৰ্জুন-যুধিষ্ঠিৰ-সংবাদ]
ক্ৰয়োদশ কীৰ্ত্তন

ঘোষা॥ ৰামে হোক মতি ৰাম-চৰণে গতি॥১৩
পদ॥ অৰ্জ্জুনে শুনিলা হেন কৃষ্ণৰ পয়াণ।
 ভৈলন্ত বিহ্বল শোকে নাই শ্ৰুতি-জ্ঞান॥
 মহামৰ্ম্মে কৃষ্ণক সুমৰি কুন্তী-সুত।
 হা কৃষ্ণ প্ৰাণ বুলি কান্দিলা বহুত॥ ১৪৬
 কহিয়াছা মাধৱে গীতাত যিটো জ্ঞান।
 প্ৰবন্ধে হিয়াত তাক কৰিলন্ত ধ্যান॥
 চিৰকালে চিত্তক কৰিয়া বীৰে স্বস্থ।
 প্ৰেত-কাৰ্য্য জ্ঞাতিৰ কৰাইল মহাৰথ॥১৪৭
 অনুক্ৰমে দিয়াইলন্ত পিণ্ড-জলাঞ্জলি।
 কৃষ্ণৰ আদেশ পাছে শুনি মহাৱলী॥
 স্ত্ৰী বাল্য বৃদ্ধক কৰিয়া বীৰে স্বস্থ।
 সৱাকো লগতে লৈয়া গৈলা ইন্দ্ৰপ্ৰস্থ॥ ১৪৮
 তহিতে থৈলন্ত নিয়া যত যদুচয়।
 পাছে যুধিষ্ঠিৰক দেখিয়া ধনঞ্জয়॥