পৃষ্ঠা:Kirtan Ghosha.pdf/৫৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১২]
৫১৯
শ্রীকৃষ্ণৰ বৈকুণ্ঠ-প্ৰয়াণ


কৃষ্ণ-মাতৃগণে বস্ত্ৰদেৱক আৱৰি।
চিতাত উঠিয়া সৱে গৈল সৈতৰি॥
ৰতি আদি মাধৱৰ পুত্ৰবধূ যত।
গৈল সৱে স্বকী স্বকী স্বামীৰ লগত॥১৪১
ৰুক্মিণী প্ৰমুখ্যে অষ্ট মহিষী কৃষ্ণৰ।
নপাইল বিচাৰি মাধৱৰ কলেৱৰ॥
প্ৰৱেশিলা বহ্নিত স্বামীক কৰি ধ্যান।
কৃষ্ণক চিন্তিয়া সৱে এড়িলন্ত প্ৰাণ॥১৪২
এহিমতে এড়ি যেৱে গৈলা দামোদৰে।
ক্ষেণেকতে দ্বাৰকাক বুৰাইলা সাগৰে॥
নৰহিল কিছু তল গৈল সামৰাজে।
ৰুক্মিণীদেৱীৰ মুখ্য মন্দিৰত বাঝে॥ ১৪৩
নেড়ন্ত যাহাক মধুসূদনে ক্ষেণেক।
অদ্যাপিও সাগৰত দেখিয় প্ৰত্যেক॥
সূৰ্য্য সম জ্বলে সিটো কৃষ্ণৰ আলয়।
যাক দৰশনে হোৰে পাপৰ প্ৰলয়॥ ১৪৪
কৃষ্ণৰ নিৰ্য্যাণ শুনিয়োক সৰ্ব্বজনে।
তৰিবা সংসাৰ আৰ শ্ৰৱণ-কীৰ্ত্তনে॥


পা• ১৪১॥ গৈলন্ত সৈতৰি—গৈলন্তু সৈতাৰি, গৈলা সয়তৰি।