পৃষ্ঠা:Kirtan Ghosha.pdf/৫২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্তন ১} ধ্যান-বৰ্ণনি 8> আতি চমৎকাৰ ৰূপ বিপুল। কন্দৰ্প কোটি যাক নোহে তুল॥ ৯ কোটি ইন্দু সম আছে প্ৰকাশি। স্মৰণে দহৰে পাতক-ৰাশি। ভকতৰ বন্ধু জগত বাপ। বোলা হৰি হৰি হৰোক পাপ। ১০ ঘোষা। কণা-সিন্ধু ভকত-বন্ধু কৰুণা-সিন্ধু। কপে তুল নোহে কোটি ইন্দু॥ ২ থিৰ বুদ্ধি কৰি ভকত জনে। প্ৰত্যেক অঙ্গক চিন্তিব মনে॥ চৰণ-পদ্ম দেখি সুখী হই। অৰুণ আতি পদ-তল দুই। ১১ অঙ্কুশ পদ্ম ধ্বজ বজ্ৰ যৱ। দেখি চিহ্ন তাতে মিলে উৎসৱ। চৰণ-পঙ্কজ আছে প্ৰকাশি। আঙ্গুলি-পান্তি তাৰ ভৈল পাশি ১২: পাশ ১• | কে হৰেণতে হৰে হে।