পৃষ্ঠা:Kirtan Ghosha.pdf/৫১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৭
৫০৩
শ্ৰীকৃষ্ণৰ বৈকুণ্ঠপ্রয়াণ

 শুনি বাল বৃদ্ধ তিৰী যত।
 সৱে আসি ৰৈ দ্বাৰকাত॥৬৯
 যতেক পুৰুষ বলিয়া।
 নাৱে ভৈলা সাগৰৰ পাৰ॥
 ৰথে চড়ি গৈল প্ৰভাসক।
 অৰ্চ্চিলন্ত দেৱ-ব্ৰাহ্মণক॥ ৭০,
 কৃষ্ণ-কথা শুনা সৰ্ব্বজনে।
 উদ্ধাৰিবে কৃষ্ণৰ কীৰ্ত্তনে॥
 মোক্ষ পাইবা গৃহবাসে থাকি।
 জানি হৰি হৰি বোলা ডাকি॥৭১

সপ্তম কীৰ্ত্তন


ঘোষা॥ মন শ্ৰীৰাম কৃষ্ণ হৰি বুলিয়ে যতনে।
 ধৰিয়ো একান্ত চিত্তে কৃষ্ণৰ চৰণে॥৭
পদ॥ ভৈল কাল-গ্ৰস্ত সৰে যত যদু-জাক।
 গণ্ডগোল কৰি পিলে বাৰুণী সুৰাক॥
 মাধৱৰ মায়ায়ে কৰিল বুদ্ধি-হত।
 মদ্য লাগি ভৈল সৱে পৰম উম্মত্ত॥৭২
 উঠিল পৰম ক্ৰোধ হৰিল চেতন।
 অন্যে-অন্যে কৰে সৰে অনেক তৰ্জ্জন॥