পৃষ্ঠা:Kirtan Ghosha.pdf/৫১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০২
[খণ্ড ২৩
কীৰ্ত্তন-ঘোষা

কৃষ্ণৰ চৰণ এড়ি যান্ত।
নাযায় ভৰি উলটি চাহান্ত॥ ৬৪
ধৰিবাক নৱাৰন্ত চিত।
দণ্ডৱতে পড়ন্ত ভূমিত॥
দুনাই উঠি কৰন্ত গমন।
কৃষ্ণৰ বিয়োগে দহে মন॥ ৬৫
কৃষ্ণে যিটো শিখাইলন্ত জ্ঞান।
কৰিলা হৃদয়ে তাক ধ্যান॥
কৃষ্ণৰ খৰম মাথে লৈয়া।
দ্বাৰকাৰ বাজ ভৈলা গৈয়া॥ ৬৬
যাদৱ-বংশক কৃষ্ণে আনি।
বুলিলা মাধৱে হেন বাণী॥
দেখা কেন ঘোৰ উৎপাত।
দ্বাৰকাত মিলিবে বিঘাত॥ ৬৭
স্ত্ৰী বাল বৃদ্ধ আছে যত।
থাকোক ৰহিয়া দ্বাৰকাত॥
প্ৰভাসক চলি যাওঁ আমি।
স্নান দান কৰে জলে নামি॥ ৬৮
দানেসে দুৰ্গতি সৱে হৰে।
ঐৰ আসা অন্তৰো সত্বৰে॥