পৃষ্ঠা:Kirtan Ghosha.pdf/৫১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০০
[খণ্ড ২৩
কীৰ্ত্তন-ঘোষা

 যিটো আন শিখাইলো তোমাক।
 বিচাৰিয়া অভ্যাসিবা তাক॥
 পাইবা তাৰ অল্পতে প্ৰমাণ।
 এতিক্ষণে এড়া ইটো থান॥৫৬
 তৰি সংসাৰ ইটো ক্লেশ।
 দিবাহা আনকো উপদেশ॥
 ভণিলা শঙ্কৰে কৃষ্ণ-পদে।
 হৰি হৰি বোলা সভাসদে॥৫৭

ষষ্ঠ কীৰ্ত্তন

ঘোষা‌॥ ত্ৰাহি হৰি জগন্নাথ॥৬
পদ॥ হেন যেৱে বুলিলা মাধৱে।
 কৰযোড়ে উঠিলা উদ্ধৱে।
 বান্ধৱৰ স্নেহে ভৈলা হীন।
 কৰিলা কৃষ্ণক প্ৰদক্ষিণ॥৫৮
 পড়ি প্ৰণামিলা মহাবীৰ।
 কৃষ্ণৰ চৰণে থৈয়া শিৰ॥
 স্নেহে ভৈল আকুল-স্বভাৱ।
 লোতকে তিয়াইলা দুয়ো পাৱ॥৫৯