পৃষ্ঠা:Kirtan Ghosha.pdf/৫১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৫]
৪৯৯
শ্ৰীকৃষ্ণৰ বৈকুণ্ঠপ্ৰয়াণ

ছিণ্ডিলা সুদৃঢ় মোহ-পাশ।
বিষয়ত কৰিলা উদাস॥
দূৰ গৈল বান্ধৱৰ স্নেহ।
দেখো ভিন আপুনাৰ দেহ॥ ৫১
নমো নমো যোগেশ্বৰ হৰি।
ভৃত্যক শিখাৱা ভাল কৰি॥
মুক্ত অৱস্থাতো মোৰ মন।
নেড়ে যেন তোমাৰ চৰণ॥ ৫২
মাধৱে বোলন্ত এহি হোক।
বদৰিকাশ্ৰমক যায়োক॥
অলকানন্দাক দৰশনে।
এড়িবে সমস্ত পাপগণে॥ ৫৩
পিন্ধিবাহা বাকলি বসন।
বন্য ফল কৰিবা ভোজন॥
থাকিবাহা ইন্দ্ৰিয়ক দমি।
হৈবা শান্ত মনক নিয়মি॥ ৫৪
আমাক স্মৰিবা বাক্যে মনে।
মোৰ ধৰ্ম্ম কৰিবা যতনে॥
সংসাৰৰ দোষে হৈবা হীন।
তেৱে চিত্ত মোতে যাইব লীন॥ ৫৫