পৃষ্ঠা:Kirtan Ghosha.pdf/৫০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯৮
[খণ্ড ২৩
কীৰ্ত্তন ঘোষা

পঞ্চম কীৰ্ত্তন

ঘোষা।৷ কমলাপতি হৌক গতি।
 ৰাম মোৰ মতি তোমাৰ চৰণে॥ ৫

পদ॥ উদ্ধৱে কৃষ্ণৰ শুনি বাণী।
 কৃতাঞ্জলি ভৈলা মহামানী।
 মাতিবে নোৱাৰি আছা ৰহি।
 চক্ষুৰ লোতক পড়ে বহি॥ ৪৭
 স্নেহত আকুল কৰে মন।
 ধৈৰ্য্য ধৰি ভৈলা সন্ধুক্ষণ।৷
 আগ বাঢ়ি গৈলা ধীৰে ধীৰে।
 কৃষ্ণৰ চৰণ ছুয়া শিৰে।৷ ৪৮
 বুলিলা কৰিয়া নমস্কাৰ।
 গুচাইলা মোহ-অহঙ্কাৰ।৷
 সূৰ্য্যৰ কাছত যিটো থাকে।
 তাক কি আন্ধাৰে আৰ ঢাকে।৷ ৪৯
 কিনো কৃপা ভৃত্যক কৰিলা।
 বিজ্ঞান-প্ৰদীপ মোক দিল।৷
 প্ৰভু এড়ি তোমাৰ পাৱক।
 কোনজনে ভজিবে আনক।৷ ৫