পৃষ্ঠা:Kirtan Ghosha.pdf/৫০৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কন-যেখা জ্ঞান-যােগ কর্ম-যােগ পৰম ভকতিযােগ সমস্ত কহিলা উদ্ধবত। সংখ্য যােগ যত আছে উদ্ধৱে জানিলা পাছে মাধৱৰ পদ-প্রসাদত। দুই পুটাঞ্জলি ধৰি কৃষ্ণক প্রণাম কৰি বুলিল হুয়া নম্র-কায়া। জানিলে তুমিসি সঞ্চা আন যত সৱে মিছ তথাপি দুস্ত্যজ মােহমায়া ॥ ৩৩ বিষয়ৰ দুঃখ জানি তথাপিতাে একো প্রাণী নেড়ে দুনাই তাকে ভুঞ্জি মৰে। গলত বান্ধিয়া পাঘে কাটিবাক নেন্তে ছাগে যেন নির্লজ্জতা আতি কৰে। অনেক ভৎসনি পাই। উচ্ছিষ্ট ভুঞ্জিলে যাই যেন আতি কুকুৰ নিৰ্গতে। কহিয়ােক স্বৰূপত ইটো ঘােৰ বিষয়ত বিৰকতি হােৱে কেনমতে ॥ ৩৪