পৃষ্ঠা:Kirtan Ghosha.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চতুৰ্থ খণ্ড

ধ্যান-বৰ্ণন

প্ৰথম কীৰ্ত্তন

ঘোষা॥ ত্ৰাহি গোপাল কৃপাল স্বামী।
মাজলো ভৱ-জলধিত আমি॥১


পদ॥ একমনে শুনা হৰিৰ ধ্যান।
 বৈকুণ্ঠ নামে আছে মহা খান॥
 শাৰী শাৰী ৰঞ্জে বিমানচয়।
 বৈদূৰ্য্য-হীৰা-মৰকতময়॥১
 চন্দ্ৰ সূৰ্য্য যেন প্ৰকাশে আতি।
 নজানি যাত পশি দিন ৰাত্ৰি॥
 চাৰু সৰোবৰ নিৰ্ম্মল জল।
 সুগন্ধি পদ্ম শোভে উতপল॥ ২
 আছে ৰাজহংস-সমূহে ৰঞ্জি।
 লীলায়ে মৃণাল ভুঞ্জে উভঞ্জি॥
 পাৰে পাৰিজাত মলয়া বাৱ।
 চটকে তেজে সুললিত ৰাৱ॥ ৩
 ভ্ৰমৰগণে গাৱে হৰি-গীত।
 বৈষ্ণবগণ শুনি আনন্দিত।