পৃষ্ঠা:Kirtan Ghosha.pdf/৪৯০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীর্তন ৬ ] : শীলাল কৰি ৰাজসূয়-যজ্ঞ নৃপতি। অচ্চিলা কৃষ্ণক মহা-ভকতি। নিন্দিলে দেখি শিশুপাল বীৰ। কাটিলা কৃষ্ণে চক্র হানি শিৰ । ৮৪ তাৰ তেপুঞ্জ আসিল লড়ি। মিলিলা কৃষ্ণৰ চৰণে পড়ি। সাপ্য পায়া ভৈলা পাৰিষদ। বিস্ময় দেখি লােক নিশবদ। ৮৫ পৰম মানী দুৰ্য্যোধন ৰায়। ভ্রমিলা সভাৰ সম্পত্তি চাই । তুলিলা বস্ত্র পানী বুলি স্থলে। সুল হেন বুলি পড়িলা জলে ॥ ৮৬ দ্রৌপদী সমে নাৰীগণে আসি। চাপৰি বজায়া তুলিলা হাসি ॥ ভীমৰ উপহাস্যে কুৰুৰাজ। মৰণ-সমান ভৈ গৈল লাজ ॥ ৮৭ মৃতক যেন ভৈল কুপতি। কৃষ্ণৰ কটাক্ষে প্রমিল মতি ॥ তােলাই ইটো কোপ কুৰু ৰাজাৰ। হৰিবাে সমন্তে ভূমিৰ ভাৰ ॥ ৮৮