পৃষ্ঠা:Kirtan Ghosha.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৪]
৩৭
পাষণ্ড-মৰ্দ্দন

বোলন্ত শুকে কিনো ভৈল খেদ।
পাষণ্ডে কৰিল বুদ্ধিক ভেদ॥
কলিত হৰিৰ কীৰ্ত্তন এড়ি।
ফুৰিবে লোকে আন কৰ্ম্ম কৰি॥ ৬৯
পাইবেক শ্ৰম তপ ধৰ্ম্ম কৰি।
একান্তে যিটো নুসুমৰে হৰি॥
জ্ঞানতো কৰ্ম্মতো কৰিয়া নৰ।
হৰি-কীৰ্ত্তনত কৰা আদৰ॥ ৭০
দ্বাদশ স্কন্ধত এহিসে কৈল।
তথাপি মুঢ়ৰ বোধ নভৈল॥
কৰে উপালম্ভ হৰি-কীৰ্ত্তনে।
আত্মঘাত কৰি মৰে আপুনে॥ ৭১
বিষ্ণু-ভকতক দেখিয়া হাসে।
আপুনিও নষ্ট আনকো নাশে॥
কীৰ্ত্তন শুনিয়া সম্যকে মৰে।
জানিবা নিতে মহাপাপ কৰে॥ ৭২
হৰি-ধ্বনি শুনি বিহ্বল হুই।
হিয়াত তাৰ লাগে যেন জুই॥
সমস্তে শাস্ত্ৰতে কৰিয়া সাৰ।
পাষণ্ড-মৰ্দ্দন নাম ইহাৰ॥ ৭৩