পৃষ্ঠা:Kirtan Ghosha.pdf/৪৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬৬
[খণ্ড ২২
কীৰ্ত্তন—ঘোষা

পত্নীৰ ভকতি দেখিয়া সৰ্ব্ব।
ভাঙ্গিলা তাসম্বাৰ কৰ্ম্ম-গৰ্ব্ব।৷
ভাঙ্গিলা কৃষ্ণে মখ মহেন্দ্ৰৰ।
পূজিলা গোৱৰ্দ্ধন গিৰিবৰ॥ ২৩
কৰিলা বৃষ্টি ইন্দ্ৰে ক্ৰোধ কৰি।
ৰাখিলা ব্ৰজ গোৱৰ্দ্ধন ধৰি॥
কৃষ্ণৰ মহিমা দেখিয়া তয়।
ভৈলা গোপ-গোপী মহা বিস্ময়।৷ ২৪
গৰ্গৰ বাক্যক সুমৰি নন্দে।
বৰ্ণাইলা কৃষ্ণৰ গুণ আনন্দে।৷
কৃষ্ণৰ অদ্ভুত মহিমা দেখি।
সুৰভি ইন্দ্ৰে আসি অভিষেকি।৷ ২৫
গোৰ ইন্দ্ৰে পাতি কৰি প্ৰণাম।
থৈলন্ত কৃষ্ণৰ গোৱিন্দ নাম।৷
বৰুণৰ দূতে নিলেক হৰি।
আনিলা নন্দক কৃষ্ণে উদ্ধৰি।৷ ২৬
বিষ্ণু-বুদ্ধি কৰি নন্দৰ পোক।
দেখিল বৈকুণ্ঠ ব্ৰজৰ লোক।৷
চন্দ্ৰাৱলী ৰাত্ৰি শৰতকাল।
আৰম্ভিলা ৰাস-ক্ৰীড়া গোপাল॥ ২৭