পৃষ্ঠা:Kirtan Ghosha.pdf/৪৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২
৪৬৫
কৃষ্ণৰ লীলা-মালা

ব্ৰজৰ প্ৰজা বন-জুইত মৰে।
ত্ৰাহি কৃষ্ণ বুলি আৰাৱ কৰে।৷
নাহি ভয় বুলি অগ্নিক পিলা।
ব্ৰজক গৈলা গজেন্দ্ৰৰ লীলা॥ ১৮
হৰি কৰি ক্ৰীড়া গোপ-সভাতে।
মৰাইলা প্ৰলম্ব বলোৰ হাতে॥
মুঞ্জবনে গৰু গোপ পোড়ন্তে।
আনিলা কৃষ্ণে তাৰি তৈৰ হন্তে॥ ১৯
বসন্ত সমে গ্ৰীষ্মকাল গৈল।
বাৰিষা আসি উপস্থিত ভৈল।৷
বলো সমে সৱে গোপক লই।
ক্ৰীড়িলা কৃষ্ণে বৃন্দাবনে গই।৷ ২০
আসিল শৰত হৰিষ কৰি।
বৃন্দাবনে বেণু বজান্ত হৰি।৷
গোপ-সুন্দৰীৰ বস্ত্ৰক লই।
চড়িলা গোবিন্দ কদম্বে গই।৷ ২১
পাইলেক বৰ যত গোপ-বালা।
গোৱিন্দ গৈল যৈত যজ্ঞ-শালা॥
গোৱালসকলে খুজিল অন্ন।
নেদিল অহঙ্কাৰী বিপ্ৰগণ॥ ২২

৩o