পৃষ্ঠা:Kirtan Ghosha.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
[খণ্ড ৩
কীৰ্ত্তন-ঘোষা


পাষণ্ডেসে নিন্দে বেদৰ বাণী।
তাৰ সম্ভাষণ এড়িবা জানি॥ ৬৪
কৰ্ম্ম তপ জ্ঞানে সাধে যি গতি।
দানে সন্ন্যাসেও পাৱে সম্প্ৰতি॥
ভকতে সুখে বসি পাৱে তাক।
উদ্ধৱৰ আগে কৃষ্ণৰ বাক॥ ৬৫
পৰম অহিংসা ধৰ্ম্ম সন্ন্য়াসে।
নপাৱে যি মোক জ্ঞান-অভ্যাসে॥
ভকতেসে কৰে আমাক বশ্য়।
কহিলো উদ্ধৱ ইটো ৰহস্য॥ ৬৬
গৰু গোপিকা পশু বৃক্ষ বন।
নাহি জন্মান্তৰে কিছু সাধন॥
এহি জন্মে মাত্ৰ কৰি ভকতি।
পাইলেক সকলে মোহোৰ গতি ॥৬৭
অশুদ্ধ মনৰ কৰ্ম্মসকল।
স্ৰৱে যেন আৱাঁ ঘটৰ জল॥
কৃষ্ণৰ বাক্য পাষাণৰ ৰেখা।
একাদশ স্কন্ধ বিচাৰি দেখা॥ ৬৮


পা ৬৫॥ সন্ন্য়াসেও-সন্ন্য়াসে বা।
 ৬৭॥ মোহৰ-জ্ঞানীৰ।
 ৬৮॥ আৱাঁ-এৱাঁ।