পৃষ্ঠা:Kirtan Ghosha.pdf/৪৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৩]
৪৫৭
বেদ-স্তুতি


তোমাৰ কৃপায়ে  সৱে সিদ্ধি হৈব
 নলাগে জ্ঞান-অভ্যাস॥ ১৮
তুমি আত্মা হেন  জানিয়া তোমাক
 চিত্তে ভজে যিটোজন।
তুচ্ছ পুত্ৰ-দাৰা-  বিষয়-ভোগত
 নাহি তাৰ প্ৰয়োজন॥

তোমাৰ নামক  মুখে ফুৰে গাই
 হিয়ে তযু ৰূপ ধৰি।
শুনে মানে ধ্বনি  পলায় পাতক
 ডাকি বোলা হৰি হৰি॥ ১৯

তৃতীয় কীৰ্ত্তন

ঘোষা॥ ৰাম হৰি কৰুণাময়  তোমাৰ চৰণে ভজো
 স্বামী দুনাই যেন সংসাৰে নমজো॥ ৩


পদ॥ তোমাৰ চৰণ চিন্তি  যথাত ভকত থাকে
 সেহি পুণ্য সেহি তীৰ্থ-স্থান।
 তোমাৰ অমৃত-কথা  ধাৰায়ে বহয় যথা
 তাক যিটোজনে কৰে পান॥