পৃষ্ঠা:Kirtan Ghosha.pdf/৪৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫৬
খণ্ড ২১
কীৰ্ত্তন-ঘোষা


ব্ৰহ্মা আদি কৰি দেৱৰ ঈশ্বৰ
 তযু পাৱে নমস্কাৰ॥ ১৬

তোমাৰেসে মায়া- কৰ্ম্মে বন্দী হুয়া
 সংসাৰে উপজো মৰো।
দুঃখ-সাগৰত ত্ৰাণ কৰা হৰি
 তোমাৰ চৰণে ধৰো॥

তুমি অন্তৰ্যামী সমস্ত লোকৰ
 তুমি মহেশ্বৰ দেৱ।
তুমিসি সৰ্ব্বজ্ঞ  নৃসিংহ তোমাক
 মনে কৰো আমি সেৱ॥ ১৭

সংসাৰ-চক্ৰৰ কৰৱতে চিৰে
 নেড়ে মহামোহ ভয়।
তোমাৰ চৰণে পশিলো শৰণে
 ৰক্ষা কৰা কৃপাময়॥

তুমি মহাগুৰু তোমাৰ চৰণে
 মন যদি লৱে বাস।


পা ১৬॥ দেবৰ-জীৱৰ।