পৃষ্ঠা:Kirtan Ghosha.pdf/৪৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫২
[খণ্ড ২১
কীৰ্ত্তন-ঘোষা

তুমিসি পৰম তত্ত্ব জানি জ্ঞানীগণে।
ছাড়ে পাপ তযু গুণ-শ্ৰৱণ-কীৰ্ত্তনে॥
আনন্দ-ব্ৰহ্মক যিটো জনে ভজে স্বামী।
তাহাৰ মহিমা আৰ কি কহিবো আমি॥ ৪
মনুষ্য-শৰীৰ পায়া যিটো নৰগণ।
নকৰে তোমাৰ যিটো শ্ৰৱণ-কীৰ্ত্তন॥
বিফলে জনম গৈল ভৈল সৰ্ব্বনাশ।
জীৱন্ততে মৰা সিটো ভাথিৰ নিশ্বাস॥ ৫
শৰীৰৰ ছয় চক্ৰ চিন্তে যিটোজন।
তাহাৰ গুচুৱা ভয় মৃত্যু নাৰায়ণ॥
হৃদি-গত কৰি হৰি সম্প্ৰতি তোমাক।
কৰোহো উপাসা আমি সৱে বেদ-জাক॥ ৬
আপুনি স্ৰজিলা চৰাচৰ দেহা যত।
সমস্তে ঐশ্বৰ্য্য-ভাৱে আছ সমস্তত॥
জীৱ-অংশে তুমি প্ৰৱেশিলা গাৱে গাৱে৷
আৱে আমি তোমাক ভজোহো সৰ্ব্বভাৱে॥ ৭
তোমাৰেসে অংশ আমি যত জীৱ-জাক।
তোমাৰ মায়ায়ে প্ৰভু বান্ধিলে আমাক॥
দিয়ো উপদেশ ভজো তোমাৰ চৰণে।
মায়াৰ বন্ধন ছিণ্ডে শ্ৰৱণ-কীৰ্ত্তনে॥৮