পৃষ্ঠা:Kirtan Ghosha.pdf/৪৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

একবিংশ খণ্ড

বেদ-স্তুতি

প্ৰথম কীৰ্ত্তন

ঘোষা ॥ এ হৰি ৰাম হৰি অনন্ত মুৰাৰি।
ভকত-বৎসল নিয়ো সেৱক উদ্ধাৰি॥ ১
পদ॥ জগত সংহৰি শুতি আছা নাৰায়ণ।
প্রথম নিশ্বাসে বাজ ভৈল বেদগণ।
জগাইলা বিষ্ণুক তুতি কৰি ভক্তি-ভাৱে।
যেন নট-ভাটে চক্ৰৱৰ্ত্তীক জগাৱে॥ ১
জয় জয় হৌক হৰি আনন্দ-প্রকাশ।
সমস্ত জীৱৰ কৰা মায়াক বিনাশ॥
তুমিসি সৱাকে দিয়া চৈতন্য-শকতি।
আমি বেদগণে আত প্রমাণ সম্প্রতি ॥ ২
দশ দিগ-পাল সমে জগত সমস্ত।
তােমাতেসে উপজে তােমাত যায় অন্ত॥
আতেসে সমস্তে ব্ৰহ্ম-মন্ত্ৰগণে ৰড়ে।
যেন ধৈত ভৰি দিলে পৃথিবীতে পড়ে॥ ৩