পৃষ্ঠা:Kirtan Ghosha.pdf/৪৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫০
[খণ্ড ২০
কীৰ্ত্তন-ঘোষা

বােলন্ত শুকে শুনা পৰীক্ষিত।
কৃষ্ণৰ অদ্ভুত লীলা-চৰিত॥
অনন্ত বীৰ্য্যৰ যত মহিমা।
তাক কহি কোনে কৰিবে সীমা॥ ৩২
পৰম মঙ্গল হৰি-চৰিত।
জগতৰে ইটো হৰে দুৰিত॥
যিবাজনে আক শুনে শুনাৱে।
বিষ্ণুৰ প্ৰসাদে মোক্ষক পাৱে ॥ ৩৩
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
কৰিয়াে কীৰ্ত্তন সমস্ত জনে॥
কলি-যুগে ইটো মহা উপায়।
হৰি-নাম লৈলে মুকতি পায়॥ ৩৪
বেদান্তৰো তত্ত্ব শুকৰ বাণী।
জানি হেলা এড়া সমস্তে প্রাণী॥
যেৱে সুখে পাইবা বৈকুণ্ঠ-পুৰী।
সদায় ডাকিয়া ঘুৰিয়ো হৰি॥৩৫

দৈৱকীৰ পুত্ৰ-আনয়ন সমাপ্ত॥২০॥