পৃষ্ঠা:Kirtan Ghosha.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৪]
৩৫
পাষণ্ড-মৰ্দ্দন

উদ্ধৱে বন্দিলা গোপীৰ ধূলি।
আবে মূঢ়জনে নিন্দে কি বুলি॥
শৰীৰ-শৱক মঞি বোলে চিত্তে।
মমত কৰে পুত্ৰ-ভাৰ্য্যা-চিত্তে॥ ৬০
তীৰ্থ বুলি কৰে জলত শুদ্ধি।
প্ৰতিমাত কৰে দেৱতা-বুদ্ধি॥
বৈষ্ণৱত নাই ইসৱ মতি।
গৰুতো অধম কৃষ্ণ বদতি॥৬১
একান্তে মৰে কৰ্ম্ম মাত্ৰ কৰি।
হৃদয়ে থাকিয়া বিদূৰ হৰি॥
শ্ৰৱণ-কীৰ্ত্তনে যাৰ অভ্যাস।
নছাড়ন্ত হৰি তাহাৰ পাশ॥ ৬২
মিছা তৰ্ক-বাদে ভৈলো আন্ধাৰ।
নাপাওঁ জ্ঞান-পন্থ কৰি বিচাৰ॥
মাধৱ বামন গোৱিন্দ বুলি।
কৈসানি মুকুত হৈবো সমূলি॥৬৩
দশম স্কন্ধত বেদৰ তূতি।
আক নমানিবে কোন যুগুতি॥


পা* ৬১॥ অধম-অধিক