এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
কীর্তন ]
দৈৱকীৰ পুত্ৰ-জ্ঞানয়ন
দ্বিতীয় কীর্তন,
ঘােষা স্বামী মােক পাৰ কৰা কৰুণাসিন্ধু
সংসাব-সাগৰে।
আউৰ আন গতি নাহিকে মাধৱ
বান্ধৱ তােমাত পৰে ৷
পদ। পাছে গােৱিন্দক দেখি দৈত্যেন্দ্ৰৰ
আনন্দে চিত্ত নধৰে।
উপজিল ভাৱ
শিহৰিল গাৰ
নেত্ৰত সােতক ঝৰে।
দুইহাতে কৃষ্ণৰ
চৰণে ধৰিয়া
তাতে মাথা থাপি থৈলা ।
গদগদ বাণী
মুখৰ নােহলায়
স্তুতি কৰিবাক লৈলা ॥ ১৩
প্রণামমা অনন্ত
মহন্ত বিধাতা
প্রণামাে কৃষ্ণ-চৰণে।
সাংখ্য যােগ যিটো কৰিলা বিস্তাৰ
ব্ৰহ্মৰূপী নাৰায়ণে