পৃষ্ঠা:Kirtan Ghosha.pdf/৪৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪২
[ খণ্ড ২১
কীৰ্ত্তন-ঘোষা

দেখে দৈত্যপতি আসিলন্ত বনমালী।
আথেবেথে সমাজে উঠিলা গাৱ চালি॥
আনন্দে আকুল ভৈলা কৃষ্ণ-দৰশনে।
সবংশে পড়িলা গৈয়া কৃষ্ণৰ চৰণে॥ ৯
জগতৰে আত্মা মোৰ পৰম দৈৱত।
কিনো মোৰ ভাগ্য আসি ভৈলা উপগত॥
পৰম হৰিষে নয়নৰ পড়ে পানী।
মাথাত কৰিয়া সিংহাসন দিলা আনি॥ ১০
বলভদ্ৰ সহিতে বসিলা তাতে হৰি।
দুইৰো পাৱ পখালিলা বলি হাতে ধৰি॥
সবংশে শিৰত আনি লৈলা পাদোদক।
দিব্য বস্ত্ৰ ভূষণে অৰ্চ্চিলা মাধবক॥১১
বহুবিধ সম্ভৃত অমৃত ভক্ষ্য দিলা।
সবান্ধৱে আপুনাক কৃষ্ণতে অৰ্পিলা॥
ভণিল শঙ্কৰে ধৰি কৃষ্ণৰ চৰণে।
ৰাম ৰাম ঘুষিয়োক সভাসদগণে॥ ১২