পৃষ্ঠা:Kirtan Ghosha.pdf/৪৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১ ]
৪৪১
দৈৱকীৰ পত্ৰ-আনয়ন

স্ৰজন্তাৰো স্ৰষ্টা তুমি পৰম পুৰুষ।
কাৰ্য্যতে লক্ষিলো দুয়ো নুহিকা মানুষ॥
খণ্ডিবাক লাগি পৃথিৱীৰ মহাভাৰ।
মোহোৰ গৰ্ভত আসি ভৈলা অৱতাৰ॥ ৪
জগত নিৰ্ম্মাণ কৰে তোমাৰেসে মায়া।
জানিয়া শৰণ লৈলো কৰিয়োক দায়া॥
মৰা পোক গুৰুৰ যমৰপৰা আনি।
দিলাহা দক্ষিণা যেনমতে চক্ৰপাণি॥ ৫
তেনমতে মোৰ মনোৰথ কৰা সিদ্ধি।
পৰম ঈশ্বৰ দুয়ো বিধাতাৰ বিধি॥
কংসে মাৰিলেক মোৰ পুত্ৰ ছয়গুটি।
তাসম্বাক সুমৰন্তে প্ৰাণ যায় ফুটি॥ ৬
তোমাসাৰ প্ৰসাদে যেৱে দেখিবাক পাওঁ।
তেৱেসে দাৰুণ শোক-সন্তাপ এড়াওঁ॥
মাৱক মাতিলা ৰাম কৃষ্ণ দুই ভাই।
আনি দিবো পুত্ৰগণ চিন্তা এড়া আই॥ ৭
এহি বুলি ৰাম কৃষ্ণ যোগ-মায়া-বলে।
একে নিমিষেকে গৈয়া পশিলা সুতলে॥
ত্ৰৈলোক্য-মোহন দিব্যৰূপ হৃষীকেশ।
বলিৰ সভাত গই ভৈলন্ত প্ৰবেশ॥ ৮