পৃষ্ঠা:Kirtan Ghosha.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
[খণ্ড ৩
কীৰ্ত্তন-ঘোষা

মুকুতি-ৰসকো স্ৰৱে ভকতি।
তাক এড়ি কৰে জ্ঞানত ৰতি॥
দুঃখ মাত্ৰ পাৱে পাছেসে জানে।
কাষ্ঠ-পতানক যেহেন বানে॥ ৫৫
ব্ৰজৰ তৃণ হৈবো বৰভাগ।
পাইবো গোপিকাৰ ৰেণুক লাগ॥
যাৰ মিত্ৰ ভৈলা জগতপতি।
ব্ৰহ্মায়ে কৰিলা কৃষ্ণক তুতি॥ ৫৬
ব্যভিচাৰী দুষ্টা ব্ৰজ-যুৱতী।
তথাপি কৃষ্ণত ভৈল ভকতি॥
জানিলো পাপীও ভজোক মাত্ৰ।
এতেকে ভৈল মুকুতিৰ পাত্ৰ॥ ৫৭
কৃষ্ণৰ কথাত যিটো ৰসিক।
ব্ৰাহ্মণ-জন্ম তাৰ লাগে কিক॥
স্মৰোক মাত্ৰ হৰি দিনে-ৰাতি।
নবাছে ভকতি জাতি অজাতি॥ ৫৮
নন্দৰ ব্ৰজে যত গোপীজাক।
সদা বন্দো তান পদ-ধূলাক॥
নুগুচে হৰি-গীত দিনে-ৰাতি।
জগতকে কৰে পৱিত্ৰ আতি॥ ৫৯