পৃষ্ঠা:Kirtan Ghosha.pdf/৪২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৩]
৪১৭
বিপ্ৰ-পুত্ৰ-আনয়ন

মহাৰশ্মি-পুঞ্জে পসৰাই।
আগত কিৰণে ফেড়ি যাই॥
যেন ৰাঘৱৰ শৰ-জাকে।
বিদাৰয় ৰাক্ষস-সেনাকে॥ ২৭
হাজাৰে সূৰ্য্য যেন জ্বলে।
তাহাৰ পাছত ঘোড়া চলে॥
ঘোৰ তম তৰিয়া সত্বৰে।
জৌতিপুঞ্জ পাইল তাত পৰে॥ ২৮
ৰশ্মি লাগি চক্ষু ফুটে দেখি।
মুদিলা অৰ্জ্জুনে দুই আখি॥
তাক এড়ি জল পাইলা গই।
ঘোৰ ঊৰ্ম্মি বায়ু উথলয়॥ ২৯
পাছে ধনঞ্জয়ে যদুৰাজে।
প্ৰৱেশিলা সেহি জল-মাঝে॥
দুয়ো গৈয়া দেখিলা প্ৰত্যেক।
ফটিকৰ তম্ভ হাজাৰেক॥ ৩০
দিব্য গৃহ প্ৰকাশন্তে আছে।
পশিলা ভিতৰ তাৰ পাছে॥
অনন্তক গৈয়া ভৈলা ভেট।
তুলি আছে হাজাৰেক ফেট॥৩১

২৭