পৃষ্ঠা:Kirtan Ghosha.pdf/৪২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১৬]
[খণ্ড ১৮
কীৰ্ত্তন-ঘোষা

কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে সম্প্রতি।
হৰি-নাম বিন আৰ নাহি কাৰ গতি।
বেদৰ প্ৰমাণ বাণী জানি সৰ্ব্বজন।
বােলা হৰি হৰি কৰি অনেক যতন ॥ ২৩


তৃতীয় কীর্তন

ঘােষা॥ শ্ৰীৰাম মাধৱ ৰাঘৱ ৰঘুপতি॥ ৩
পদ॥ অৰ্জ্জুনক বুলি হেন বাণী।
দিব্য ৰথে চড়ি চক্রপাণি ॥
ধৰিল উত্তৰ দিশ পথ।
অৰ্জ্জুনে ডাকন্তে যান্ত ৰথ॥ ২৪
সাতােখান পৃথিৱী এড়াইল।
গৈয়া সাতো সাগৰ ছড়াইল॥
ধৰি মহা মনােজৱ-গতি।
ভৈলা লােকালােকৰ সিভিতি॥২৫
প্ৰৱেশিলা ঘােৰ অন্ধকাৰে।
ঘােড়া আৰ যাইবাক নপাৰে॥
হেন দেখি যােগেশ্বৰ হৰি।
আগক হানিলা চক্ৰ ধৰি॥ ২৬ .