পৃষ্ঠা:Kirtan Ghosha.pdf/৪২৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীর্তন ২] বিজ্ঞানয়ন ধনু তুলি ধৰি পাছে মহাবিদ্যা কৰি। তেখনে আটাইল গৈয়া যমৰ নগৰী । পাত পাত কৰি বিচাৰিলা মহাভাগ। বিপ্ৰৰ পুত্ৰক তৈতত নপাইলেক লাগ॥ ১৮ ইন্দ্ৰৰ নগৰে গৈয়া বিচাৰিল পশি। তৈতে বিপ্র-পুত্রক নপাইলা মহাশী ॥ অগনি বৰুণ বায়ু চন্দ্র নৈঋতিৰ। সৱাৰ থানক বিচাৰিলা মহাবীৰ ( ১৯ বিতবিত কৰিলন্ত সাততা পলক। তৈতে খুজি নপাইলন্ত বিপ্ৰৰ পুত্রক। একো স্থানে বিচাৰিবে নথাকিল ঠাই। উলটিয়া দ্বাৰকাক আসিলা দুনাই৷ ২০ ভ্রষ্ট ভৈল অঙ্গীকাৰ জার্নিয়া নিশ্চয় অগনিত জাম্প দিবে শান্ত ধনঞ্জয় । হেন দেখি সখিক ধৰিলা হৰি আসি। মৰিবাক নেদিয়া বুলিলা পাছে হাসি ॥ ২১ দেখাইব দ্বিজৰ সৱে পুক তােমাক। নকৰিয়াে ঝাস সখি ৰাখা আপুনাক। তােমাৰ বিপুল কীৰ্ত্তি থাকিবে লােকত। মােহােৰ বচনে নকৰিয়াে প্রাণ হত ২২