পৃষ্ঠা:Kirtan Ghosha.pdf/৪২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অষ্টাদশ খণ্ড

বিপ্র-পুত্র-আনয়ন

প্রথম কীৰ্ত্তন

ঘােষা॥ মন বােল ৰাম শ্ৰীৰাম জয় জয় ৰাম॥

পদ ॥ শুক মুনি বদতি শুনিয়াে পৰীক্ষিত।
একদিনা যেন ভৈলা দ্বাৰা পুৰীত॥
এক বিপ্ৰ-পত্নীৰ উপজি পুত্রগুটি।
ভূমিক ছুইলেক মাত্ৰ গৈল প্রাণ ছুটি॥ ১
মৃতক পুত্ৰক বিপ্রে কোলে কৰি লৈই।
কান্দিল অনেক ৰাজ-দুৱাৰত থই॥
ৰাজাকে ভৰ্ৎসন্ত আতি কৰি তিৰস্কাৰ।
ইটো দুষ্ট দুৰ্জ্জন ক্ষত্রিয়-কুলাঙ্গাৰ ॥ ২
কোথেৰ পাপিষ্ঠ ব্ৰহ্ম-দ্বেষী মন্দ-কৰ্ম্ম।
শঠ-বুদ্ধি কৰে ইটো অনেক অধৰ্ম্ম॥
পৰম লুভীয়া ৰাজা জগতকে মােৰে।
মৰিল তনয় মােৰ ইহাৰেসে দোষে॥৩
এহি বুলি গৈল দ্বিজ গৃহক উলটি।
এহিমতে উপজি মৰিল আৰ গুটি॥