পৃষ্ঠা:Kirtan Ghosha.pdf/৪২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১০
[খণ্ড ১৭
কীৰ্ত্তন-ঘোষা

শুনা সৰ্ব্বজন শঙ্কৰে কহে।
চিৰকাল ইটো দেহা নৰহে॥
হাটে-বাটে কৈত মিলে মৰণ।
সদায়ে নেড়িবা হৰি-চৰণ॥ ৪৮
নাৰদত বিষ্ণু আছন্ত কই।
বৈকুণ্ঠত মই নথাকো ৰই॥
যোগীৰ হিয়া এড়ি সমুদায়।
থাকো ভকতৰ কীৰ্ত্তন চাই॥ ৪৯
জানিয়া সৱে এড়া ভাস-ভুস।
ভাগ্যেসে ভাৰতে ভৈলা মানুষ॥
আক ব্যৰ্থ কৰা বিষয়-ভোলে।
মাণিকক বিকা কাচৰ মোলে॥ ৫০
মিছাত পুত্ৰ-দাৰা বুলি মৰা।
আপুনি গুণা আইলা কৈৰপৰা॥
সৱে মায়াময় স্বপ্নৰ সৰি।
জন্ম সাফলি বোলা হৰি হৰি॥ ৫১

নাৰদৰ কৃষ্ণ-দৰ্শন সমাপ্ত॥১৭॥