পৃষ্ঠা:Kirtan Ghosha.pdf/৪২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৪
৪০৯
নাৰদৰ কৃষ্ণ-দৰ্শন

জানিয়ো প্ৰভু মই তযু দাস।
কৰিয়া তোমাৰ যশ প্ৰকাশ॥
তিনিও লোকে ফুৰো বীণা বাই।
তোমাৰ পৱিত্ৰ চৰিত্ৰ গাই॥ ৪৩
মাধৱে বোলন্ত শুনিয়ো মুনি।
যেন ভক্ত তুমি জানো আপুনি॥
লোকক শিখাওঁ ই ধৰ্ম্ম-ভেদ।
নকৰা মুনি আত কিছু খেদ॥ ৪৪
বোলন্ত শুকে শুনা পৰীক্ষিত।
মুনিৰ মাধৱে ৰঞ্জিলা চিত্ত॥
দেখিয়া কৃষ্ণৰ গৃহ-সম্পদ।
পৰম বিস্ময় ভৈলা নাৰদ॥ ৪৫
কৃষ্ণৰ আতি সতকাৰ পাই।
লড়িলা তৈৰপৰা বীণা বাই॥
কৃষ্ণৰ চৰণ চিন্তন্তে যান্ত।
গোৱিন্দৰ গুণ সদায়ে গান্ত॥ ৪৬
কৃষ্ণৰ মনুষ্য-লীলা-চৰিত্ৰ।
জগতকে ইটো কৰে পৱিত্ৰ॥
যিটো শুনে ভণে আক সঘনে।
তাৰ ভক্তি হৈব কৃষ্ণ-চৰণে॥ ৪৭