পৃষ্ঠা:Kirtan Ghosha.pdf/৪১৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ground [ 90 sf কীৰ্ত্তৰ-ঘােষা দেখিলা ঋষি দিব্য পুৰী পাছে। সুবর্ণময় গড়ে বেঢ়ি আছে। সাগৰে বেঢ়ি ভৈল গঢ়খাই। দেখি বিপক্ষৰ ধাতু উবাই। ১৩ দিব্য সৰবৰ পুষ্পিত বনে। পড়িয়া নাদ তেজে পক্ষীগণে। চম্পা-পাৰিজাত-সুৰভিবাসে । নৱ লক্ষ দেৱ-গৃহ প্রকাশে। ১৪ কতাে ফটিকৰ কলাে ৰজত। সুবর্ণময় কতাে মৰকত। সূৰ্য্য-সম জ্বলে গৃহৰ কান্তি। ৰঞ্জে আতি ধ্বজ-পতাকা-পান্তি। ১৫ তাৰ অন্তঃপুৰ দেখিলা পাছে । প্রবন্ধে বিশ্বকর্মে নির্মি আছে ॥ বােড়শ হাজাৰ দিব্য আৱাস। সূৰ্য্য-সম জ্বলে লঙ্গি আকাশ ॥ ১৬ তাহাৰ মধ্যে এক গৃহ পশি। ৰত্বৰ দীপিতি দেখত্ত ঋষি। প্ৰৱালৰ স্তম্ভ বৈদূৰ্য-ফলি। সুৱৰ্ণৰ কাঠি-কামি মাগুলি। ১৭