পৃষ্ঠা:Kirtan Ghosha.pdf/৩৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮৪
[খণ্ড ১৬
কীর্ত্তন-ঘোষা

তৃতীয় কীর্ত্তন

ঘােষা। বনমালী জগমােহন ৰাম।
 সুখে দুখে মুখে জোনাে ছাড়ো ৰাম-নাম॥ ৩

 
পদ ॥ ভ্রাতৃক নেদেখি অনন্তৰে সত্রাজিত।
 মহাশােকে ক্রন্দন কৰিল বিপৰীত॥৷
 স্যমন্তক পিন্ধি গৈল বনক ভৈয়াই।
 জানিলাে মাৰিলে কৃষ্ণে নির্জ্জনত পাই॥ ১৬
 খুজি নপাই ভাইক মাৰি কৃষ্ণে নিল মণি।
 শুনি সর্ব্বলােকে আকে কৰে কণা-কণি ॥
 বেকত নকৰে কেহো মাধৱক ডৰে।
 পাইলেক কলঙ্ক মােক জানি দামােদৰে॥ ১৭
 কিমতে দুৰ্যশ গুচো গুণি ভগৱন্ত।
 লাগে লৈয়া নগৰীয়া সেনা অপৰ্য্যন্ত॥
 প্রসেনৰ পথে চলি যান্ত বনমালী।
 প্রবন্ধে ঘােড়াৰ সিটো খােজক নিহালি॥ ১৮
 কতাে দূৰ গৈয়া পাছে দেখিল মহীত।
 প্রসেন পড়িয়া আছে ঘােড়ায়ে সহিত ॥
 সিংহে মাৰি মণি নিলে জানি বনমালী।
 উঠিলা পর্ব্বতে তাৰ খােজক নিহালি॥ ১৯