পৃষ্ঠা:Kirtan Ghosha.pdf/৩৯৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


w প্রসেন নামে তাৰ ভাতৃ আছে। কণ্ঠত মণিক পিন্ধিয়া পাছে। ঘােড়াত চড়ি মহাৰঙ্গ-মনে। মৃগক মাৰি ফুৰে বিজু বনে। ১২ দেখি সিংহে তাক নখে বিদাৰি। ঘােড়ায়ে সহিতে পেলাইলা মাৰি। কণ্ঠৰ মণিক ছিণ্ডিয়া লই। চড়িলা গিৰি-শৃঙ্গে সিংহ গই ॥ ১৩ দেখি জাম্বৱস্ত বীৰ বিড়ি। লৈলন্ত মণিক মাৰিয়া সিংহ। স্যমন্তক মণি গর্তক নিল। উমলাইবে লাগি শিশুক দিলা ॥ ১৪ বিচিত্ৰ মণিপােট ধৰি ধাই। বাটত শিশু ফুৰে উমলাই। কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে। বােলা হৰি হৰি সমস্ত নৰে। ১৫