পৃষ্ঠা:Kirtan Ghosha.pdf/৩৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮২
[খন্ড ১৬
কীৰ্ত্তন-ঘোষা

দ্বিতীয় কীৰ্ত্তন

ঘোষা॥গােপাল গােৱিন্দ যদু-নন্দন।
কৃষ্ণৰ চৰণে লৈলাে শৰণ॥২

পদ ॥শুনিয়া হাসি চাইলা চক্রপাণি।
 নােহন্ত আদিত্য বুলিলা বাণী॥
 মণিৰ ৰশ্মি হুয়া প্রকাশিত।
 গৃহক লাগি আসে সত্রাজিত॥ ৮
 সত্রাজিত পাছে গৃহক আইলা।
 অনেক মাঙ্গল্য-বাদ্য বজাইলা।
 দেৱৰ গৃহে পশি প্রণিপাতে।
 নিৱেদিল মণি বিপ্ৰৰ হাতে॥ ৯
 মণিৰ মহিমা কি কৈবো আৰ।
 সুৱৰ্ণ নিতে স্ৰৱে অষ্ট ভাৰ॥
 যিথানে থাকে সিটো স্যমন্তক।
 নাহিকে দুর্ভিক্ষ মাৰি-মৰক॥ ১০
 নাহিকে ব্যাধি ব্যাঘ্র-সর্প-ভয়।
 একো উপসর্গ নুপজে তয় ।
 দিনেক মণি খুজিলন্ত হৰি।
 নিদিলা সত্রাজিতে গহ কৰি॥ ১১