পৃষ্ঠা:Kirtan Ghosha.pdf/৩৯২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সূৰ্য্যে যেন প্রকাশিয়া আসে দ্বাৰকাক। ৰশ্মিয়ে চক্ষুক পীড়ে দেখি প্রজা-ঝাক ॥ আসন্ত আদিত্য বুলি মনত শঙ্কিয়া। কৃষ্ণৰ পাশক সরে যায় লড়িয়া ৪ সভাত খেলন্ত পাশা প্রভু পীতাম্বৰ। আথে-বেথে দেয় জান প্রজা নিৰন্তৰ। নমাে নাৰায়ণ শখ-চক্র-গদাধৰ। অৰবিন্দ-লােচন গােৱিন্দ দামােদৰ । ৫ তােমাক দেখিবে লাগি ব্রিজগত-পতি। আসন্ত আদিত্য হেৰা দেখিয়াে সম্প্রতি । সৱাৰৰ চক্ষুক পীড়ি আসে ৰশ্মি-জালে। তােমাক অন্বেষ কৰে দশদিগপালের ৬ পুৰাণ পুৰুষ ভুমি সনাতন হৰি। যদু-কুলে অৱতৰি আছা ছদ্ম কৰি তাতেসে আসন্ত সুৰ্য্যে দেখিবে তােমাক। বােলা হৰি হৰি উদ্ধাৰিয়াে আপুনাক ॥ ৭