পৃষ্ঠা:Kirtan Ghosha.pdf/৩৯১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


দ্বাৰকা-লীলা স্যমন্তক-হৰণ প্রথম কীর্তন ঘােষা। ভাই মুখে বােলা ৰাম হৃদয়ে ঘৰ ৰূপ। এতেকে মুকুতি পাইবা কহিলাে স্বৰূপ। পদ । শুক মুনি বােল শুনিয়াে পৰীক্ষিত। কৃষ্ণক কলঙ্ক দিয়া ডৰি সত্ৰাজিত। আপুনাৰ কন্যা আনি দিলেক কৃষ্ণক। স্যমন্তক মণি দিলা লগত যৌতুক । ১ শুকত সােধন্ত দুনাই ৰাজা পৰীক্ষিত। দিলা কিবা কলঙ্ক কৃষ্ণক সত্রাজিত । কৈত পাইলে স্যমন্তক মণি মহাৰত্ন। কিহেতু কৃষ্ণক কন্যা দিলা কৰি যত্ন। ২ শুক নিগতি শুনিয়ােক পৰীক্ষিত। সূৰ্যৰ পৰম ভক্ত-সথা সত্রাজিত। তুষ্ট হুয়া সূৰ্য্যে সমস্তক তাঙ্ক দিলা। সত্রাজিতে মহামণি কণ্ঠত পিন্ধিলা ৩