পৃষ্ঠা:Kirtan Ghosha.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
[খণ্ড ৩
কীৰ্ত্তন-ঘোষা


যত তপ ধৰ্ম্ম বেদ বেদাঙ্গ।
হৰি-নাম বিনা নাহি সুসাঙ্গ॥
হেন হৰি-নামে নাহি বিশ্বাস।
কিমতে এড়াইব মৃত্যুৰ ত্ৰাস॥৩০
দ্বাদশ স্কন্ধৰ তত্ত্ব উদ্ধৰি।
কহিলন্ত শুকে উপসংহৰি॥
জ্ঞানত কৰ্ম্মত কৰি সম্প্ৰতি।
হৰি-কীৰ্ত্তনেসে পৰম গতি॥ ৩১
উৰে বাৰানসী ঠাৱে ঠাৱে।
কবিৰ গীত শিষ্টসৱে গাৱে॥
তথাপিতো আখি ফুটিল তাৰ।
হৰি-কীৰ্ত্তনক কৰে ধিক্কাৰ॥ ৩২
শুনা সৰ্ব্ব জন কহো সাক্ষাত।
মূঢ়ৰ বোলত নাহি সঞ্জাত॥
বোলোক আমি ভাগৱত চাই।
তেৱেসে বুজো তাৰ মুনিষাই। ৩৩
পুৰাণ-সূৰ্য্য মহাভাগৱত।
বেদান্তৰো ইটো পৰম তত্ত্ব।
আক নুবুজি ফুৰে নিন্দা কৰি।
তাৰ মুখ দেখি বুলিবা হৰি॥ ৩৪