পৃষ্ঠা:Kirtan Ghosha.pdf/৩৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭০
[খণ্ড ১৫ গ
কীৰ্ত্তন-ঘোষা

মোৰ জন্ম-কৰ্ম্ম যত।
কোনে কহি পাৱে অন্ত॥
তথাপিতো নৃপবৰ।
শুনা কথা ইজন্মৰ॥ ৯০
প্ৰাৰ্থিলন্ত প্ৰজাপতি।
ধৰ্ম্মক ৰাখিবে প্ৰতি॥
যদুকুলে ভৈলো জাত।
বসুদেব মোৰ তাত॥ ৯১
আতেসে পণ্ডিত লোকে।
বাসুদেৱ বোলে মোকে॥
কালনেমি দৈত্যবংশ।
ভৈল আসি ৰাজা কংস॥ ৯২
লীলায়ে মাৰিলো তাক।
আনো যত দৈত্য-ঝাক॥
বধিলো সমৰে সৱে।
দুৰ্জ্জন যৱন এৱে॥ ৯৩
তযু তেজে ভস্ম ভৈল।
মহা ভাৰ দূৰ গৈল॥
তোমাকেসে দায়া তৰে।
আইলো ঐকে একেশ্বৰে॥ ৯৪