এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
আসি আছ তুমি স্বামী।
মুক্তি দেখি বােললা আমি।
জন্ম কর্ম গােত্র নাম।
কৈয়াে যদি আছে কাম ৮৫
আমাৰৰ শুনিয়ে কথা।
ইক্ষাকু-বংশত তথা ।
মান্ধাতাত ভৈলাে জাত।
মুচুকুন্দ নামে খ্যাত।৮৬
উজাগৰে শ্ৰান্ত হুয়া।
গহঘৰত আছে শুয়া।
মােক জগাই কোনজনে।
ভস্ম লৈ তাৱক্ষণে ॥ ৮৭
তােমাক দেখিলে পাছে।
দেহা প্রকাশন্তে আছে।
তােমাৰ দুঃসহ জৌতি।
নিষ্প্রভ কৰিলে আতি ॥ ৮৮
দেখি মহা চমৎকার।
সুধিবে নপাৰৰ আৰn.
এহি বুলি মৌন জৈলা।
- মাধৱে কহিয়ে কৈলা। ৮৯
R8