পৃষ্ঠা:Kirtan Ghosha.pdf/৩৬৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


তিীয় ভাগ কালৱন-বধ চতুর্থ কীর্তন ঘােষা। ঘুপতি হৌক গতি তােমাৰ চৰণে নাৰায়ণ। দল বুলি দামােৰ দিয়ােক শৰণ। ৪ পদ ॥ সেহি সময়ত যৱনৰ মহাৰাজা। লগে লৈয়া সাজি মেছ তিনি কোটি প্রজা। নামে কালযৱন ৰণত অনিৰ্বাৰ। নাৰদে পঠাইলে মাধৱক দিলে ধাৰ। ৪৮ তিনি কোটি স্নেছে বেঢ়িলেক মথুৰাক। দেখি সচকিত ভৈল যত যদু-ঝাক । দেখি বলে সমে আলােচ দামােদৰ। মিলিল প্রমাদ দাদা যাদৱ বংশৰ । ৪৯ বেঢ়িল আমাক দেখা যৱন দুৰ্বাৰ। কিবা আজি-কালি জৰাসন্ধ দেয় ধাৰ। পা ঘােষ। ৪ হোক—কি হৌক, হোক হৌক।